Header Ads Widget

Class 9 Assamese Lesson 1 শিশুলীলা




 

Class 9 Assamese Lesson 1 শিশুলীলা
শিশুলীলা

শ্ৰীমন্ত শংকৰদেৱ

দিনেক যশোদা নন্দ জায়া ।
আপুনি মথন্ত দধি গৈয়া ।। 
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি। 
 কৃষ্ণগীত  গাৱন্ত সুন্দৰী ।।   
  ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।
  কটিত মেখেলা বান্ধি আছে ।।
  পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।     
    আজোড়ন্তে লড়ে ঘনে ঘন ।। 
ৰুণ ঝুণ কেয়ূৰ ককণ ।       
শ্ৰম জলে উজ্জ্বল বদন ।।  
কণত কুন্তল দোলে আতি । 
খসি পড়ে খোপাৰ মালতি ।।
  এহিমতেমতে মথন্তে প্ৰয়াসি ।
মাৱক ধৰিলা কৃষ্ণে আসি ।  
মথনিত ধৰিয়া নিষেধি ।   
    মথিবাক মেদে আউৰ দধি ।।
      হাসি কোলে লৈলা নন্দ জায়া ।।
দিলা স্তন পুত্ৰমুখ চায়া ।।
শব্দাথ আৰু টোকাঃ
আউৰ                    আৰু।
আখি                      চকু। 
আজোড়ন্তে           আজুৰি থাকোঁতে ।
কঙ্কণ                     খাৰু।
কোপে                    খঙত।
খসি                        খহি।
চাণ্ড                       জোৰকৈ ।
ছায়া                        চাই।
ডৰে                        ভয়তে ।
দশন                       দাঁত।
দিব্য়                        স্বগীয়  ।
দোলে                     দুলি থাকে , লৰে।
নন্দজায়া                নন্দৰজাৰ পত্নী।
নিষেধি                    বাধা দি।
পশিলন্ত                 সোমালহি।
প্ৰয়াসি                     যত্ন কৰি ।
বদন                        মুখ।
বসি                         বহি।
ভঞ্জন্ত                     খালে।
নথনি                      গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
মহাত্ৰাস                  খুব বেছি ভয় খোৱা।
মেলান                     মেল খোৱা বা মুকলি হোৱা।
শিকিয়া                    কোনো বস্তু ওপৰত আঁৰি থবৰ বাবে ৰাচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি।
শ্ৰোণী ভৰে               নিতম্ব বা তপিনাৰ ভৰত।
সিঞ্চিৰাই                   ছটিয়াই দি, সিঁচি দি .
স্ৰৱৈ                           বৈ থকা।
ক্ষৌম বস্ত্ৰ                 পাটৰ কাপোৰ।




প্ৰশ্নাৱলী

১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।
(ক) 'কৃষ্ণগীত গাৱন্ত সুন্দৰী'।।
        ----কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
      উত্তৰঃ 'কৃষ্ণগীত গাৱন্ত সুন্দৰী' --- কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হল যশোদা। 

(খ) 'কণত কুণ্ডল দোলে অতি।'
       ---কাৰ কণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰঃ 'কণত কুণ্ডল দোলে অতি' ইয়াত যশোদাৰ কনৰ কুণ্ডলৰ কথা কোৱা হৈছে।

(গ) 'কাম্পে কোপে অৰুণ অধৰ।'
      ----ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰঃ কাম্পে কোপে অৰুণ অধৰ' ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

(ঘ) 'মথনিত ধৰিয়া নিষেধি'।
     ----'মথনি' শব্দৰ অৰ্থ কি?
উত্তৰঃ 'মথনি' শব্দৰ অথ হল - গাখীৰ ঘুঁচিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।

(ঙ) 'নোজোড়ে আঙ্গুল দুই জৰী'----ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰঃ 'নোজোড়ে আঙ্গুল দুই জৰী' --- ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ  মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

(চ) 'ৰুণ ঝুণ কেয়ূৰ কঙ্কণ' ।
     ----কাৰ কেয়ূৰ কঙ্কণৰ 'ৰুণঝুণ' শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰঃ 'ৰুণ ঝুণ কেয়ূৰ কঙ্কণ' -- ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ 'ৰুন-ঝুন' শব্দৰ কথা কোৱা হৈছে।

২। 'শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰঃ মাহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীত্তন ঘোষা'ৰ অন্তগত 'শীশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনেযোগ আকষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভ.তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনি মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যনিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মাহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।

৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি 'কীতন-ঘোষা'ৰ বিষয়ে এটি চমুটোকা লিখা। 
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হল- 'কীত্তন ঘোষা' । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱত্তিত একশৰন নাম ধমৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়েগ, ৰসৰ প্ৰধান্য তথা ভক্তিধমৰ গুনানুকীত্তনেৰে ভৰপুৰ কীতন ঘোষাত ৯ টা অধ্যায় আছে। সাহিত্যিক গুনেৰে সমৃদ্ধ কীতন ঘোষাই ভক্তি ৰসৰ   ফল্গুধাৰা  নিঃসৰন কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰনৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 

৪। 'শিশুলীলা' পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ 'শিশুলীলা' পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত 'কীতন-ঘোষা'ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি পূনব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰনৰ হেতু সাধাৰন মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। 'শিশুলীলা' মহাপুৰুষ শংকৰদেৱৰ  ভগৱত প্ৰেমৰ সুন্দৰ নিদেশন।
               মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূণ 'শিশুলীলা' পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা  পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা । যোগী সধিক সকলে *** তপ-যপ কৰিও দশন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ইশ্বৰক একমত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।
                ভগবান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মাহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সবশক্তিমান। কেৱল ভকতিৰ জৰিসতেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে 'শিশুলীলা' পাঠটিৰ তাপয। 

৫। 'তাহাঙ্ক তনয় মানি বলে।
      যশোদা বান্ধন্ত উডুখলে।' ----কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ 'তাহাঙ্ক..............
             .....................উডুখলে'। -  উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'শিশুলীলা' নামৰ পাঠটিত  পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়ালত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কৰা প্ৰকাশ কৰিছে।
               যশোদা আছিল শীকৃষ্ণৰ পৰম ভক্ত । ভকতিৰ বলতেই যশোদাই ত্ৰীজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী, মাধব সকলে বছৰ বছৰ ধৰি তপ -যপ কৰিও যিজনা ভগৱানক দশন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে - ভগৱান সদায় ভকতৰ অধিন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।

৬। 'নাহি আদি অন্ত পূৰ্বাপৰ।
     পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।' ---- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ 'নাহি...............
             ..............................ইশ্বৰ'! ---- কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূনব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। 
             ভগৱান শ্ৰীকৃষ্ণই প্ত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু ভান্দৰকো দিছিল। শিশুকৃষ্ণৰ উপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু  শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সোয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হল । অৱশেষত মাকৰ প্ৰৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱেই এই সৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰি জগতৰ সৃষ্টিকতা পূন ব্ৰহ্ম অৱতাৰা 
              


৭। বাখ্য়া কৰা ঃ
(ক) যাক যোগী নপাৱে ধ্যানত ।
      হেন হৰি পলান্ত ভয়ত।।

উত্তৰঃ "যাক..........................
           .................................ভয়ত।"
  ------উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠিৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'শিশুলীলা' নামৰ পাঠটিত পৰা তুলি দিয়া হৈছে।
              পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অবগত কৰাইছে।
               শ্ৰীকৃষ্ণ হল পৰম পুৰুষ ভগৱান। ত্ৰি জগতৰ সৃস্টি কতা। তেওঁক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্তপদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।

(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
   খাইবো আজি কৃষ্ণ তোৰ মাথা।।

উত্তৰঃ "ভাণ্ড..........................
            .................................মাথা"।
          উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
             কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।
              শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লবনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাইথৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে।


(গ) পাচে পাচে যশোদা খেদন্ত।
     ভয়ে লাগ মাৱক নেদেন্ত।।

উত্তৰঃ “পাচে...............
    ......................নেদন্ত”
     উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ ৰ পৰা তুলি দিয়া হৈছে।
    পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। সৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বননা কৰিছে।

৮। শিশুলীলা পাঠৰ আধাৰত  শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাযৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'কীতন ঘোষাৰ' অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ  দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি- উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱৎ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।

                কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।

     আনহাতে, শ্ৰীকৃষ্ণৰ  পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিৱলৈ পাহৰা নাই।


৯। মহাকোপে কোঠা পশিলন্ত 
       সিঞ্চিৰাই লৱনু ভুজন্ত।।- কোনো অতি খঙেৰে  কোঠাত সোমাইছিল?তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

উত্তৰঃ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।
          মাক যশোদাই দধি মথি থাকোতে শিশুকৃষ্ণৰ মাকৰ স্তন পাণ কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ  পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাওিওফালে সিঁচৰিত কৰিছিল।

১০ / কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উওৰ : কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অবস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল।


ভাষা বিষয়ক ঃ
১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ  সমাথক শব্দ লিখা ঃ
         কণ ------  কান
     অৰুণ  -----   সূয্য
         দধি  ------  দৈ
         বস্ত্ৰ   ------ কাপোৰ               
       বদন     ----  মুখ
       লৱণু -------  মাখন
     কোপ    -----  খং, ৰাগ
      দশন   ------  দাঁত    
        দুগ্ধ  -------  গাখীৰ
     ঈশ্বৰ --------  ভগৱান

১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপ লিখা ঃ
       তাহাঙ্ক----------- তেওঁক
       নোজোৰে ------- নাটে
       খসি--------------  খহি
       ৰহিল -----------   ৰল
       আসি -----------   আহি
       ভৈলা ----------     হল
       আসান্ত--------     আহিছে
       শিলায়ে -------     শিলেৰে
       কাম্পে --------    কঁপে
       মাৱক ----------   মাকক
       বসি -------------- বহি
       প্ৰয়াসি----------- চেষ্টাকৰা
       খেদন্ত------------ খেদিলে


১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
      অৰুণ
      কঙ্কণ 
      কণ
      শ্ৰোণী
      ভাণ্ড
      নিষেধি
উত্তৰঃ
অৰুন : ঋ, ৰ, ষ আৰু 'নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।
কঙ্কণ : স্বাভাৱিকতে  `ণʼ হৈছে।
কৰ্ণ: ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ `নʼ `ণ ʼ হৈছে।
ভাণ্ড : `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।
নিষেধ : ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ  হয়।


১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা ।
উত্তৰ : পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।